লাহৰীঘাট: বালিপাৰাত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত সংখ্যালঘু সম্প্ৰদায়ৰ শতাধিক পুৰুষ-মহিলাৰ বিজেপিত যোগদান
আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু অঞ্চলসমূহত বিজেপি দলত যোগদানৰ ঢৌ উঠিছে। আজি আবেলি বালিপাৰাত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয়। বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ উপস্থিতিত হাফিজ-মৌলবীকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ শতাধিক পুৰুষ-মহিলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে হিলদল ভাঙি বিজেপিত যোগদান কৰাত উপাধ্যক্ষজনে আচৰিত হোৱা বুলি সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ কৰে।