সোণাৰি: চৰাইদেউত বিজেপিৰ প্ৰস্তুতি আৰু পৰ্যবেক্ষণ সভা, উপস্থিত ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত ৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত সম্বোধন কৰিবলগীয়া সভাত জিলাৰ পৰা অংশগ্ৰহণ সম্পৰ্কে বৈঠক অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা সমিতিৰ সদস্য তথা ৰাজ্যসভাৰ সাংসদ প্ৰবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰকে ধৰি জিলাখনৰ কেইবাগৰাকী শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।