ৰাজ্য খনৰ ভিতৰতে শিৱসাগৰ জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগে টি বি মুক্ত ভাৰত অভিযানত বিশেষ সফলতা অৰ্জন কৰিছে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টি বি মুক্ত ভাৰত অভিযানৰ এশ দিনীয়া বিশেষ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে সমগ্র ৰাজ্যৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাতো
শিৱসাগৰ জিলা যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ বিভাগৰ বিষয়া ডা: দীজেন কোঁচৰ নেতৃত্বত জিলা খনত এই অভিযান সফল ভাৱে কাৰ্যকৰী হোৱা বুলি জানিব পৰা গৈছে
উল্লেখ যে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ কাৰ্যসূচীৰ বিষয়া ডা:সুবব্ৰত দাসে আজি শিৱসাগৰ জিলা যক্ষ্মা ৰোগ বিভাগৰ কেন্দ্ৰ পৰিদৰ্শন কৰি জিলা খনৰ গেলেকীকে আদি কৰি বিভিন্ন যক্ষ্মা ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে। টি বি মুক্ত ভাৰত অভিযানৰ সফলতাৰ কথা ব্যক্ত কৰি পৰৱৰ্তী পৰ্যায়ত অংশগ্ৰহণ কৰে এখন পৰ্যালোচনা সভাত। ইয়াৰোপৰি সম্পূৰ্ণ টি বি মুক্ত হোৱাৰ বাবে সকলোকে আগতীয়া প্ৰতিষেধক লবলৈ ও অনুৰোধ জনাই বিষয়া গৰাকীয়ে।
#everyonefollowers