গোগামুখ: গোগামুখত বীৰ লাচিত সেনা, অসমৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত যোগদান কাৰ্যসূচী, ৩০ৰো অধিক যুৱকৰ বীৰ লাচিত সেনাত যোগদান
মঙলবাৰে ধেমাজি জিলাৰ গোগামুখত বীৰ লাচিত সেনা, অসমৰ গোগামুখ আঞ্চলিক সমিতিৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত বীৰ লাচিত সেনা, অসমৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ গোগামুখ আঞ্চলিক সমিতিত গোগামুখ অঞ্চলৰ ৩০ জনৰো অধিক যুৱকে যোগদান কৰে বুলি জানিবলৈ দিয়ে। অনুষ্ঠানত গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদকৰ লগতে সমিতিৰ সদস্যসকল উপস্থিত থাকে।