গোগামুখ: মাজবাৰিত DAC পুঁজিৰ দ্বাৰা নিৰ্মাণ কৰি থকা দেওশালৰ মুৰংঘৰ পৰিদৰ্শন কৰি বুজ লয় DAC কাৰ্যবাহী সদস্য ৰাকেশ বৰদেউৰীয়ে
ধেমাজি জিলা গোগামুখ ৰাজহ চক্ৰ মাজবাৰিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ পুঁজিৰ দ্বাৰা নিৰ্মাণ হৈ থকা ১৪ নং গোগামুখ সমষ্টিৰ অন্তৰ্গত মাজৰবাৰী দেউৰী গাঁৱৰ দেওশালৰ মুৰংঘৰ পৰিদৰ্শন কৰে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা গোগামুখ বিজেপি মণ্ডলৰ সভাপতি ৰাকেশ বৰদেউৰীয়ে।উক্ত নিৰ্মাণ কাৰ্য অতি সোনকালে সম্পন্ন হ'ব বুলি জানিব দিয়ে ৰাকেশ বৰদেউৰীয়ে।