সাপেখাতী: লুখুৰাখনত নিৰ্বাচনী সভাত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ প্ৰচাৰ তুংগত
লুখুৰাখনত ৰাজহুৱা খেলপথাৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভা।আজি সোমবাৰে পুৱা ১০বজাত অনুষ্ঠিত সভাত কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ চলায়।গৌৰৱ গগৈ আহি পোৱাৰ লগে-লগে সহস্ৰাধিক ৰাইজে সভাৰ স্থলীলৈ আগোৱাই আনে।প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী সভাত ৰাইজক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।