থলুৱা বহুমুখী সমবায় সমিতিৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
ওদালগুৰিৰ ৰৌতা কৃষি জ্ঞান কেন্দ্ৰত আজি ‘থলুৱা বহুমুখী সমবায় সমিতি লিমিটেড, অসম’ৰ বাৰ্ষিক সাধাৰণ সভা-২০২৬ অনুষ্ঠিত হয়। সভাত সমিতিৰ সদস্য-সদস্যা, অংশীদাৰ, পৰামৰ্শদাতা আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।
সভাত ওদালগুৰি জিলা ARCS কাৰ্যালয়ৰ জ্যেষ্ঠ পৰিদৰ্শক দিগন্ত কুমাৰ দাসে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। কৃষি আৰু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৃষকসকলক আত্মনিৰ্ভৰশীল কৰাৰ বিভিন্ন দিশত আলোচনা কৰা হয়। সভাত সমিতিৰ ভৱিষ্যৎ হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী পৰিকল্পনা সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয়।