Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
India
कांग्रेस
भाजपा
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
सोशल_मीडिया
Madhyapradesh
Pmmodi
Rahulgandhi
Ipl
Haryana
Uttarpradesh

অসম চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা এক জৰুৰী জাননী জাৰি কৰা হৈছে। এই জাননী মৰ্মে শিক্ষাবৰ্ষ ২০২৬-২৭ ৰ বাবে অসমৰ অনুসূচিত জাতি (SC) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) ৰ শিক্ষাৰ্থীসকলৰ পৰা প্ৰাক-মেট্ৰিক (Pre-Matric) আৰু উত্তৰ-মেট্ৰিক (Post-Matric) জলপানীৰ বাবে অনলাইন আবেদন আহ্বান কৰা হৈছে। আগ্ৰহী শিক্ষাৰ্থীসকলে নেচনেল স্কলাৰশ্বিপ প'ৰ্টেল (NSP) ৰ জৰিয়তে নতুন (Fresh) অথবা নবীকৰণ (Renewal) ৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া যোৱা ১ জুন ২০২৬ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ ২০২৬ ধাৰ্য কৰা হৈছে। ​আবেদনৰ বাবে শিক্ষাৰ্থীসকলৰ অভিভাবকৰ বাৰ্ষিক আয় ২.৫ লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব আৰু ইয়াৰ প্ৰমাণপত্ৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা ল’ব লাগিব। আবেদনকাৰীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা জাতিৰ প্ৰমাণপত্ৰ (Caste Certificate) আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা বনাফাইড প্ৰমাণপত্ৰ (Bonafide Certificate) থকাটো বাধ্যতামূলক। ​আবেদন কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলে গুগল প্লে ষ্ট’ৰৰ পৰা "NSP OTR" এপ ডাউনলোড কৰি ফেচ-অথেনটিকেশ্বনৰ (Face-authentication) জৰিয়তে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন (OTR) নম্বৰ সংগ্ৰহ কৰিব লাগিব, যাৰ বাবে আধাৰ কাৰ্ড আৰু আধাৰ লিংক থকা ম’বাইল নম্বৰ প্ৰয়োজন হ’ব। জলপানীৰ ধন ডিবিটি (DBT) ব্যৱস্থাৰে পোনে পোনে বেংক একাউণ্টলৈ পঠিওৱা হ’ব বাবে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ (Seeded) হৈ থকাটো জৰুৰী। এই বিষয়ে অধিক জানিবলৈ শিক্ষাৰ্থীসকলক চৰকাৰী পৰ্টেল (https://scholarships.gov.in) ভিজিট কৰিবলৈ অনুৰোধ জনোৱা হৈছে। Directorate of Information and Public Relations, Assam

MORE NEWS

অসম চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা এক জৰুৰী জাননী জাৰি কৰা হৈছে। এই জাননী মৰ্মে শিক্ষাবৰ্ষ ২০২৬-২৭ ৰ বাবে অসমৰ অনুসূচিত জাতি (SC) আৰু অন্যান্য পিছপৰা শ্ৰেণী (OBC) ৰ শিক্ষাৰ্থীসকলৰ পৰা প্ৰাক-মেট্ৰিক (Pre-Matric) আৰু উত্তৰ-মেট্ৰিক (Post-Matric) জলপানীৰ বাবে অনলাইন আবেদন আহ্বান কৰা হৈছে। আগ্ৰহী শিক্ষাৰ্থীসকলে নেচনেল স্কলাৰশ্বিপ প'ৰ্টেল (NSP) ৰ জৰিয়তে নতুন (Fresh) অথবা নবীকৰণ (Renewal) ৰ বাবে আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া যোৱা ১ জুন ২০২৬ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ ২০২৬ ধাৰ্য কৰা হৈছে। ​আবেদনৰ বাবে শিক্ষাৰ্থীসকলৰ অভিভাবকৰ বাৰ্ষিক আয় ২.৫ লাখ টকাতকৈ অধিক হ’ব নোৱাৰিব আৰু ইয়াৰ প্ৰমাণপত্ৰ ৰাজহ চক্ৰ বিষয়াৰ পৰা ল’ব লাগিব। আবেদনকাৰীৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰদান কৰা জাতিৰ প্ৰমাণপত্ৰ (Caste Certificate) আৰু শিক্ষানুষ্ঠানৰ মুৰব্বীৰ পৰা বনাফাইড প্ৰমাণপত্ৰ (Bonafide Certificate) থকাটো বাধ্যতামূলক। ​আবেদন কৰাৰ পূৰ্বে শিক্ষাৰ্থীসকলে গুগল প্লে ষ্ট’ৰৰ পৰা "NSP OTR" এপ ডাউনলোড কৰি ফেচ-অথেনটিকেশ্বনৰ (Face-authentication) জৰিয়তে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন (OTR) নম্বৰ সংগ্ৰহ কৰিব লাগিব, যাৰ বাবে আধাৰ কাৰ্ড আৰু আধাৰ লিংক থকা ম’বাইল নম্বৰ প্ৰয়োজন হ’ব। জলপানীৰ ধন ডিবিটি (DBT) ব্যৱস্থাৰে পোনে পোনে বেংক একাউণ্টলৈ পঠিওৱা হ’ব বাবে শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ সৈতে সংযোগ (Seeded) হৈ থকাটো জৰুৰী। এই বিষয়ে অধিক জানিবলৈ শিক্ষাৰ্থীসকলক চৰকাৰী পৰ্টেল (https://scholarships.gov.in) ভিজিট কৰিবলৈ অনুৰোধ জনোৱা হৈছে। Directorate of Information and Public Relations, Assam - Ujani Majuli Circle News