
যোৱা ২ জুলাই শিৱসাগৰ নগৰৰ আমোলাপট্টিত দিন দুপৰতে চুৰি কাণ্ড সংঘটিত হয়।
ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চলাইছিল চাফাই অভিযান ।
চোৰে লুটি নিছিল প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ।
আমোলাপট্টিৰ বাচা বুঢ়াগোহাঁই পথৰ এটা ভাড়াঘৰত সংঘটিত হৈছিল চুৰিকাণ্ড।
ঘৰৰ দৰ্জা ভাঙি গডৰেজৰ পৰা লৈ যায় তিনি ডাল সোণৰ চেইন , তিনিটা আঙঠি , এযোৰ সোণৰ বাৰুৱতী ,কাণফুলি দুযোৰ , সোণৰ মণিকে আদি কৰি নগদ প্ৰায় চাৰি হাজাৰ টকা ।
ভাড়াতীয়া হিচাপে থকা ৰশ্মি ৰেখা বৰা কলিতা নামৰ মহিলা গৰাকীৰ ঘৰত সংঘটিত হৈছিল এই চুৰিকাণ্ড ।
ঘটনা সন্দৰ্ভত ইতিমধ্যে দুটা চোৰক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে।নিশা সেই চোৰ কেইটাক লৈ আৰক্ষী অভিযান।
চোৰ দুইটা ঘৰ শিৱসাগৰ জোনাকী নগৰৰ মাধুৰ্য বৰা আৰু আনটো আমোলাপট্টি বিজয় ঘোষ বুলি জানিব পৰা গৈছে।
ইতিমধ্যে শিৱসাগৰ ৰংঘৰ চাৰি আলি চোৰ দুইটাৰ এটা ভাড়া ৰুমৰ পৰা এডাল সোণৰ খাৰু, এটা তামৰ আঙুঠি, এটা ৰূপৰ আঙুঠি জব্ধ কৰিছে শিৱসাগৰ আৰক্ষীয়ে।
আনহাতে চোৰ হোৱা মোবাইল ফোন ক্ৰয় কৰা বাবে নিশাই শিৱসাগৰ আৰক্ষীয়ে শিৱসাগৰ ৰংঘৰ চাৰি আলিত ভাড়াতীয়া হিচাপে থকা নগাঁও ৰিফাজুল ইছলাম নামৰ এজন যুৱকক আটক কৰে।
#NewsUpdate #BreakingNews #sivasagar