ৰঙাচাহী মহাবিদ্যালয়ত 'The Quest' গৱেষণামূলক গ্ৰন্থৰ উন্মোচনী সভা
মাজুলীৰ অন্যতম অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ৰঙাচাহী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত সম্পাদিত The Quest (a multidisciplanary research approach,Voll. II) শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠান কালি ৩ জুনত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক নিলোৎপল দত্তই আঁত ধৰা অনুষ্ঠানটো সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গামে।