ওদালগুৰি জিলাত ২১ জুন, ২০২৬ তাৰিখে অনুষ্ঠিত হ’বলগীয়া NEET (UG)-2026 পৰীক্ষাক কেন্দ্ৰ কৰি জিলা দণ্ডাধীশ জয় বিকাশে BNSS-ৰ ধাৰা ১৬৩ অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। আদেশ অনুসৰি, ওদালগুৰি মহাবিদ্যালয়স্থিত পৰীক্ষা কেন্দ্ৰৰ চৌহদ আৰু ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অননুমোদিত ব্যক্তিৰ প্ৰৱেশ আৰু অপ্রয়োজনীয় ভিৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে মোবাইল ফোন, ইলেক্ট্ৰনিক ডিভাইচ বা কোনো সন্দেহজনক সামগ্ৰী পৰীক্ষা হললৈ লৈ যাব নোৱাৰিব। এই আদেশ ২১ জুনত বলবৎ থাকিব আৰু আদেশ উলংঘা কৰিলে BNS-ৰ ধাৰা ২২৩ অনুসৰি আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জিলা প্ৰশাসনে জনাইছে।