
♦️উচ্চশিক্ষাৰ দিশত নতুন আশা:
♦️সোণাৰিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ হাতেৰে 'নিযুত মইনা' আৰু 'নিযুত বাবু'ৰ চেক প্ৰদান।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰূপায়িত 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি' আৰু 'মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি'ৰ প্ৰথম কিস্তিৰ চেক বিতৰণ অনুষ্ঠান সোণাৰিত সাফল্যমণ্ডিতভাৱে সম্পন্ন হয়। উক্ত অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে প্ৰথম কিস্তিৰ চেকসমূহ বিতৰণ কৰে।
সোণাৰি মহাবিদ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, অতিৰিক্ত আয়ুক্ত উৰ্বশী চেতিয়া, টাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ লাহনৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু বৃহৎ সংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে।
অনুষ্ঠানত বক্তব্য ৰাখি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে যে এই যুগান্তকাৰী আঁচনিসমূহে শিক্ষাৰ্থীসকলৰ আৰ্থিক বাধা অতিক্ৰম কৰি উচ্চশিক্ষা গ্ৰহণত নতুন উৎসাহ যোগাব। ৰাজ্যখনৰ শৈক্ষিক বিকাশ আৰু যুৱ প্ৰজন্মক আত্মনিৰ্ভৰশীল তথা আত্মবিশ্বাসী কৰি গঢ়ি তোলাৰ দিশত এই পদক্ষেপে এক সুদৃঢ় ভেটি স্থাপন কৰিব বুলিও আশা প্ৰকাশ কৰা হয়।
#foryou #facebookreels #trandingreels #nonflowers