ওদালগুৰি: খৈৰাবাৰীত অনুষ্ঠিত হয় জিলা লেখিকা সমাৰোহ সমিতিৰ দ্বি বাৰ্ষিক অধিবেশন
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত ওদালগুৰি জিলা সমিতিৰ দ্বি বাৰ্ষিক অধিবেশন খন দিন যোৰা কাৰ্যসূচীৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অধিৱেশনৰ সতে সংগতি ৰাখি পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন, কবিতা পাঠ,আদি কাৰ্য্যসূচীৰ লগতে মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা এখন অনুষ্ঠিত হয়। মুকলি সভাত প্ৰাক্তন কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ড.চাৰু চহৰীয়া নাথ, জিলা সভানেত্ৰী বিনু ডেকা, জিলা সম্পাদিকা ক্ষীৰা শইকীয়া ডেকা উপস্থিত থাকে।