ডিব্ৰুগড়ৰ লালুকা গাঁৱত
নিষিদ্ধ মাংস সহ এজন লোক আটক।
লালুকাৰ স্থানীয় লোকে লোকজনক হাতে-লুটে ধৰি আৰক্ষীক খবৰ দিয়ে।
লোকজনে চাউলখোৱাৰ পৰা এখন তিনি চকীয়া গ'গ বাহনত নিষিদ্ধ মাংস খিনি কঢ়িয়াই লালুকাত হোম ডিলিভাৰী দিবলৈ আহোতে, স্থানীয় লোকৰ ওচৰত ধৰা পৰে। একাংশ স্থানীয় এই কাৰ্যত ক্ষোভিত হৈ পৰে।
একাংশৰ অভিযোগ গৰু চোৰ কৰি কাটি মাংস বিক্রি কৰিবলৈ আহিছিল লোকজন।
স্থানীয়ই আৰক্ষীক খবৰ দিয়ে।আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ আটক কৰে অভিযুক্তক।
জানিব পৰা মতে অবৈধ গো মাংস সৰবৰাহ কৰা ব্যক্তি জন চাউলখোৱাৰ আফতাৰ আলি বুলি জানিব পৰা গৈছে