সাপেখাতী: বিহুবৰত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী অভিযান, এটা চুলাই ভাতি ধ্বংস কৰে অভিযানকাৰী দলে
শনিবাৰে বিহুবৰত আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায়। উল্লেখ্য যে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চুলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে জিলাখনত তীব্ৰ অভিযান চলাই আহিছে । সমান্তৰালকৈ বিহুবৰতো অভিযান চলাই এটা চুলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ১০০ লিটাৰ চুলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।