সোণাৰি: বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত চৰাইদেউত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাত গৰাকী বিষয়ববীয়াৰ বিজেপিত যোগদান
বিধায়কৰ বাসগৃহত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সাত গৰাকী বিষয় ববীয়াই যোগদান কৰে। আদিবাসী ছাত্ৰ সন্থাৰ চৰাইদেউ জিলাৰ সভাপতি জিতেন গড়, বৰহাট আঞ্চলিকৰ উপ সভাপতি জয়চিয়া থাৰিয়া, বৰহাট আঞ্চলিকৰ সাংগাঠনিক সম্পাদক জহন টুডু, বৰহাট আঞ্চলিকৰ সহকাৰী সম্পাদক হৰেন্দ্ৰ মূঢ়া,বৰহাট আঞ্চলিকৰ ক্ৰীড়া সম্পাদক এমিল সাৰদা, বৰহাট আঞ্চলিকৰ সাংগঠনিক সম্পাদক মাৰ্টিন তপ্ন, বৰহাট আঞ্চলিকৰ প্ৰচাৰ সম্পাদক ৰোহিত গড় বিজেপিত যোগদান কৰে