বইটামাৰী: জেহাদৰ অভিযুক্ত আব্দুল মালেকক আটক কৰি লৈ অহা হয় যোগীঘোপা থানাত, আৰক্ষীয়ে তদন্ত অব্যাহত
বঙাইগাঁও জিলাৰ মালেগড়ৰ আন ধৰ্মৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক লাভ জেহাদৰ বলি কৰিছিল আব্দুল মালেকে। কিশোৰী গৰাকীক অন্তঃসত্ত্বা কৰি সন্তানো প্ৰসৱ কৰিছিল। পিছত নৱজাতক পুত্ৰ সন্তানটোক কিশোৰী গৰাকীৰ ঘৰৰ সমীপতে মৃত অৱস্থাত গাঁতৰ পৰা উদ্ধাৰ হৈছিল। উক্ত ঘটনাক লৈ সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ। ইয়াৰ পিছত স্থানীয় ৰাইজে নৰপিশাচ আব্দুল মালেকৰ বিৰুদ্ধে যোগীঘোপা থানাত গোচৰ তৰিছিল। শুক্ৰবাৰে উক্ত গোচৰ ভিত্তিত আৰক্ষীয়ে আব্দুল মালেকক কাছাৰৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহি তদন্ত অব্যাহত ৰাখে।