চাপৰ ভাগ: মহা সপ্তমী উপলক্ষে চাপৰৰ বিভিন্ন প্ৰান্তৰ পূজা স্থলী সমূহত উখল-মাখল পৰিৱেশ।দেৱী দুৰ্গাক পূজা অৰ্চনা কৰে ভকত বৈষ্ণৱ সকলে।
আজি মহা সপ্তমী। মহা সপ্তমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ সত্যপুৰৰ বিভিন্ন প্ৰান্তত এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে।চাপৰৰ সত্যপুৰৰ দূৰ্গা মন্দিৰ প্ৰাঙ্গনত পূজা মণ্ডপত আধ্যাত্মিকতাৰে দেৱী দুৰ্গাক পূজা অৰ্চনা কৰাৰ সমান্তৰালভাৱে নিমন্ত্ৰিত নামতীৰ দ্বাৰা ভকত বৈষ্ণৱৰ উপস্থিতিত নাম পৰিবেশন কৰা হয়। ইফালে ধূপ-দ্বীপ,নৈবৈদ্য আৰু পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰে মুখৰিত হৈ পৰিছে পুজামণ্ডপ। ইফালে নিজৰ লগতে সকলোৰে মংগল কামনাৰে দেবী দূৰ্গাৰ চৰনত আশীষ গ্ৰহণ কৰে ভকত বৈষ্ণৱ সক