মাহমৰা: মৰাণহাট নাট্যমন্দিৰত বিজেপিৰ মৰাণ মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন, উপস্থিত জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা
মৰাণহাট ঠাকুৰবাৰীত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত আজি দুপৰীয়া বিজেপিৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ মণ্ডলৰ এখনি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ মৰাণ মণ্ডল বিজেপিৰ সভাপতি কমল চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অলি মহন, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, সাধাৰণ সম্পাদক অজন্ত বৰুৱাসহ মৰাণ মণ্ডলৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ৷