সাপেখাতী: বৰহাটত বৰুৱাছালি মৌজা জেষ্ঠ নাগৰিক সন্মিলনৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্ যাপন।
বৰুৱাছালি মৌজা জেষ্ঠ নাগৰিক সন্মিলনৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি বৰুৱাছালি মৌজা ক্ষুদ্ৰ চাহ খেতিয়কৰ কাৰ্যালয়ৰ সভা কক্ষত ২-৩০বজাত অনুষ্ঠিত হয়।এই উপলক্ষে বৰুৱাছালি মৌজা জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি তোলন গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে সম্পাদক পোনা বৰগোহাঁইয়ে।সভাত জেষ্ঠ নাগৰিক কৃষ্ণ বৰুৱা, গদৰাম গগৈ, লোচন শইকীয়া প্ৰমুখ্যে কেইবাজনো বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।