সাপেখাতী: বৰহাট বাগিচাৰ পৰা এগৰাকী যুৱতী নিৰুদ্দেশ, বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ
বৰহাট চাহ বাগিচাৰ নিবাসী বিনা তাঁতী নামৰ এগৰাকী মহিলাৰ কন্যা সংগীতা তাঁতী নামৰ যুৱতীগৰাকী বৰহাটলৈ গৈ থকা পথত নিৰুদ্দেশ । কালিৰে পৰা সন্ধানহীন হৈ থকা যুৱতীগৰাকীৰ মিটিৰ-কুটুমৰ ঘৰত বিচাৰি নাপাই পৰিয়ালে শুক্ৰবাৰে ১১ বজাত বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। নিৰুদ্দিষ্ট সংগীতা তাঁতীৰ সম্ভেদ পালে সদাশয় ব্যক্তিক ৮৮২২০৭৩৬০৪ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।