সাপেখাতী: বৰহাটৰ পঁইতাখাতত ড্ৰামপাৰ খুণ্ডাত এজন যুৱকৰ মৃত্যু
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পঁইতাখাতত ৰাজু মুৰা নামৰ এজন যুৱকক তীব্ৰ বেগত চলাই অহা এখন ড্ৰামপাৰে সন্মুখৰ পৰা খুণ্ডিয়াই নিহত কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।ঘটনা বিৱৰণী মতে এখন নম্বৰ প্লেট বিহীন নতুন ড্ৰামপাৰে মিছাজান গাঁৱৰ ৰাজু মুৰা নামৰ এজন যুৱকক কাম সামৰি ঘৰৰ অভিমুখে চাইকেলে আহি থকা অৱস্থাত এখন ড্ৰামপাৰে খুণ্ডিয়াৰ ফলত মৃত্যু হয়।এই সন্দৰ্ভত আজি শুক্ৰবাৰে ৩-৩০ বজাত পৰিয়ালে বৰহাট আৰক্ষী থানাত এখনএজাৰ দিয়ে।