সোণাৰি: মথুৰাপুৰত আছু'ৰ মুকলি বিহুৰ লাইখুঁটা স্থাপন উদযাপন সমিতিৰ সভাপতি যুগল বৰগোহাঁইয়ে ৷
চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মথুৰাপুৰ শাখা ছাত্ৰ সন্হা আৰু মথুৰাপুৰবাসী ৰাইজৰ সহযোগত পহিলা ব'হাগত অনুষ্ঠিত হ'বলগীয়া চতুদর্শ বাৰ্ষিক মুকলি বিহুৰ আজি লাইখুঁটা স্হাপন কৰা হয়। এই উপলক্ষত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি যুগল বৰগোহাঁই।এই অনুষ্ঠানত মথুৰাপুৰ হৰিহট্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক বিবেক বৰুৱা, সাংবাদিক প্ৰণৱ বৰগোহাঁই, প্ৰাক্তন আছু নেতা ৰঘু ৰাজকোঁৱৰ, বিশ্ব গগৈ ৰজনী গগৈ উপস্থিত থাকে