শিৱসাগৰত অনাতাঁৰ শিল্পী সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা
সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনে শুভাৰম্ভ কৰা সুৰুজ কুমাৰ পাতিৰিৰ গীতৰ প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে প্ৰায় শতাধিক প্ৰতিযোগীয়ে
টি এম পি কে শিৱসাগৰ জিলা সমিতিৰ লগতে কেইবাটাও মিচিং জনগোষ্ঠীয় সংগঠনৰ যৌথ সহযোগত শিল্পী গৰাকীৰ ৬৮ সংখ্যক জন্ম দিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় এই গীতৰ প্ৰতিযোগিতা
শিৱসাগৰৰ জনজাতি জিৰণি চ'ৰাত দিনযোৰা কৈ অনুষ্ঠিত কৰা এই গীতৰ প্ৰতিযোগিতা জিলা খনৰ চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলৰো বহু সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে
উল্লেখ্য যে সৰু কালৰ পৰাই মিচিং জনগোষ্ঠীৰ ওপৰত বিশেষ ভাৱে গীত ৰচনা কৰি পৰিবেশন কৰাৰ লগতে পদ্মশ্ৰী ইমৰাণ শ্বাহ, সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনৰ গীতটো সুৰ দি বহু সংখ্যক অসমীয়া গীত ৰচনা কৰিছে বৰ্তমান সময়লৈকে এই গৰাকী সুৰুজ কুমাৰ পাতিৰিয়ে ।
#highlight
#follower
#nonfollowers
#everyone