গুৱাহাটী: লোকসভা নিৰ্বাচনত বিজেপিক মুকলি সমৰ্থন কৰি দিছপুৰ প্ৰেছ ক্লাবত সংযুক্ত বড়ো গণমঞ্চৰ সংবাদমেল
সোমবাৰে দিনৰ ৩ বজাত দিছপুৰ প্ৰেছ ক্লাবত সংযুক্ত বড়ো গণমঞ্চই সংবাদমেল সম্বোধন কৰি বিজেপি মিত্ৰজোটক মুকলি সমৰ্থন দিয়া সন্দৰ্ভত মন্তব্য কৰে৷ বিজেপি চৰকাৰৰ দিনতে বড়ো শান্তি চুক্তি সম্ভৱ হোৱাৰ লগতে বড়োভূমিত উন্নয়ন হৈছে ৷ ২০২৪ চনৰ ভিতৰত বড়ো কছাৰী কল্যাণ কল্যান স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত গাওঁ সমূহ চিনাক্ত কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ আস্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাৰ বাবে মুকলি সমৰ্থন দিয়া বুলি মন্তব্য কৰে ৷