বানপীড়িত কৃষকৰ পথাৰত লুৰিন ... বানপীড়িত কৃষকৰ বাবে লক্ষ্য ১ লাখ ফেৰা কঠীয়া!
শিৱসাগৰ-চৰাইদেউৰ কৃষকৰ বাবে ইতিমধ্যে ৫ হাজাৰ ফেৰা কঠীয়া বিতৰণ কৰাৰ পিছত আজি ২২খন গাড়ীত আহিল আৰু ৫,৩২৭ ফেৰা কঠীয়া। সন্ধিয়ালৈ আৰু প্ৰায় ২ হাজাৰ ফেৰা কঠীয়া অহাৰ কথা জনালে লুৰীণজ্যোতি গগৈয়ে।
লগতে আজিৰে পৰা ১০০ জাতীয় সেৱক আৰু ১০০ মহিলা জাতীয় সেৱিকাৰ শ্ৰমদান অভিযান। ৰোৱনীসকলে ২০ বিঘা পথাৰত ধান ৰোৱাৰো পৰিকল্পনা।
“সাহায্য কেইদিনমান চলিব, কিন্তু কৃষকক পুনৰ খেতিত থিয় কৰাব পাৰিলেহে স্থায়ী সমাধান হ’ব।” — লুৰীণজ্যোতি গগৈ
#NewzNow #LurinjyotiGogoi #AssamFloods #Sivasagar #Charaideo #Farmers #FloodRelief #AssamJatiyaParishad
Assam, India | Aug 3, 2026