ওদালগুৰি: কলাইগাঁওৰ সৰবৰহী ব্যক্তি বাঞ্ছা দাসৰ আকস্মিক মৃত্যুত বাসগৃহত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জনালে এমচিএলএ দিগন্ত বৰুৱাই
জিলা খনৰ মুদৈবড়ী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কলাইগাঁৱৰ বাসিন্দা তথা বিশিষ্ট ব্যক্তি বাঞ্ছা দাস কিছু দিন ধৰি এজমা ৰোগত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ আছিল। আনহাতে আজি হথাতে হৃদক্ৰিয়া বন্ধ হৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত দাসে পত্নী সহ দুই কন্যা সন্তান আৰু বহু নিকট আত্মীয়ত ইহ সংসাৰত এৰি থৈ যায়। উল্লেখ্য যে তেখেতৰ মৃত্যুত অন্তিম শ্ৰদ্ধাঞ্জলি জনাই শোক সন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে আত্মাৰ চিৰ শান্তি কামনা কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই।