সোণাৰি: সোনাৰি সমষ্টিৰ বেঙেনাবাৰী পঞ্চায়তৰ বাহবাৰীত অঞ্চলৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভুগাইছে ৰাইজক প্ৰতিক্ৰীয়া স্থানীয় ৰাইজৰ
সোনাৰি সমষ্টিৰ বেঙেনাবাৰী পঞ্চায়তৰ অন্তৰ্গত বাহবাৰী অঞ্চলৰ পথৰ জৰাজীৰ্ণ অৱস্থাই জীয়াতু ভুগাইছে ৰাইজক। গাওঁখনৰ দুটা মুল পথ মেৰামতি কৰি নিদিয়াৰ বাবে পথ দুটাৰে কোনো বাহন অহা যোৱা কৰিব নোৱাৰে। ধোদৰআলিৰ পৰা বাহবাৰী হৈ টিঙালীবাম সংযোগী পথ আৰু বেকা দলং ৰ পৰা বেঙেনাবাৰী সংযোগী পথ দুটাৰ মাজতে পাচশ মিটাৰ পাচশ মিটাৰ মেৰামতি নকৰাকৈ এৰি থয় যাৰ ফলত পথটোৰে কোনো বাহন পাৰ হব নোৱাৰে। গাওঁখন লৈ নাযায় কোনো এম্বুলেঞ্চ।