শিৱসাগৰ জিলা নাজিৰাৰ বিহুবৰত আৰক্ষীৰ গুলীচালনাত বিমান বৰুৱা নামৰ এজন যুৱকৰ হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত বিকি সিং আহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, নাগালেণ্ডৰ পৰা আৰক্ষীয়ে বিকি সিঙক গ্ৰেপ্তাৰ কৰি বিহুবৰলৈ লৈ আহিছিল । হত্যাকাণ্ডত ব্যৱহৃত বুলি সন্দেহ কৰা অস্ত্ৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে তেওঁক ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হয় । আৰক্ষীৰ ভাষ্য অনুসৰি, সেই সময়তে আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয় । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰাত বিকি সিঙৰ ভৰিত গুলী লাগে । গুলীবিদ্ধ বিকি সিঙক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
#Guwahatitimes #News #Graphiccontent #Guwahatitimesmedia
Assam, India | Sep 21, 2026