ওদালগুৰি: খালিংদুৱাৰত আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱা তিনি গৰাকী প্ৰাৰ্থীক অভিনন্দন জলালে এমচিএলএ অৰ্জুন দৈমাৰীয়ে
সমগ্ৰ ৰাজ্যখনতে অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল অলপতে ঘোষণা কৰে।নিকা ভাবমুৰ্তিৰ বাবে মেধা আৰু সামৰ্থবান প্ৰাৰ্থীয়ে উতীৰ্ণ হ'বলৈ সক্ষম হয়। সেইদৰে খালিংদুৱাৰৰ প্ৰিয়া বড়ো,মৈদাংশ্ৰী কছাৰী আৰু নয়নজ্যোতি ৰাভাই আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে এমচিএলএ অৰ্জুন দৈমাৰীয়ে তিনিওকে অভিনন্দন জ্ঞাপন কৰে। লগতে আগন্তুক দিনত নিষ্ঠাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে।