সোণাৰি: মাইবেলা নেপালী বস্তি, মথুৰাপুৰ T.E, ২৪ নং শান্তিপুৰ, শ্ৰীপুৰ, নিমনগৰত আবকাৰী বিভাগৰ অভিযানত ১৯০লিটাৰ পাছ নষ্ট কৰে
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ এলেকাৰ মাইবেলা নেপালী বস্তি, মথুৰাপুৰ চাহ বাগিছা ,২৪ নং শান্তিপুৰ, শ্ৰীপুৰ, নিমনাগড়ত চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু মথুৰাপুৰ আৰক্ষীৰ যৌথ প্ৰচেষ্টাত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই ১৯০ লিটাৰ চুলাই মদৰ পাছ বিক্ৰী বাবে ৰখা ২৫ লিটাৰ চুলাই মদ নষ্ট কৰিবলৈ সক্ষম ৷