গুৱাহাটীৰ পৰা বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণ আৰম্ভ
গুৱাহাটীৰ অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ কেন্দ্ৰীয় ভঁৰালৰ পৰা বানাক্ৰান্ত জিলাসমূহৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া পাঠ্যপুথি পুনৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। প্ৰথম পৰ্যায়ত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ১,১২,৮৪৩ গৰাকী শিক্ষাৰ্থীৰ বাবে ১,৪১,৭১৯খন পাঠ্যপুথি প্ৰেৰণ কৰা হৈছে। ৰাজ্যৰ সকলো বানপ্ৰভাৱিত শিক্ষাৰ্থীয়ে পাঠ্যপুথি নোপোৱালৈকে এই বিতৰণ অব্যাহত থাকিব বুলি শিক্ষামন্ত্ৰী মনোজ পেগুৱে জনাইছে।
#assamfloods #FloodAlert