নগাবন্ধা সমবায় সমিতিৰ পৰিচালনা সমিতিয়ে সমবায় খনৰ অধীনৰ একাংশ এজেণ্টক পাবলগীয়া চাউলতকৈ কমকৈ চাউল যোগান ধৰিছিল সমবায় কৰ্তৃপক্ষই। এই সন্দৰ্ভত মৰিগাঁও যোগান বিভাগত লিখিত অভিযোগ দাখিল কৰিছিল এজেণ্ট সকলে।সেই অভিযোগৰ ভিত্তিত সোমবাৰে আবেলি ৩বজাত মৰিগাঁও যোগান বিভাগৰ ADS মতিনুৰ ৰহমানে সমবায় খনৰ চাউলৰ গুডামত তলা লগাই দিয়ে।