লাহৰীঘাট: মানৱ জাতিৰ মংগল কামনাৰে তিনিচুকীয়াত বুধবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান
লাহৰীঘাটৰ তিনিচুকীয়াত গাঁওবাসীৰ লগতে যুৱ সমাজৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে মহা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান।গাঁওখনৰ হৰিমন্দিৰত অনুষ্ঠিত এই অনুষ্ঠান ভাগৰ আজি প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা বন্তি প্ৰজ্বলন ,ধৰ্ম ধ্বজা উত্তোলন, পানী তোলা কাৰ্যসূচীৰ পিছতে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয়।উল্লেখ্য যে এই বছৰ তেওঁলোকৰ দ্বিতীয় বৰ্ষৰ এই মহা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান।