সোণাৰি: সোণাৰিৰ খনা বাগিছা,খনা নেপালী বস্তি, মোহন গাওঁ, ৰঙাপথাৰ আদিত চৰাইদেউ জিলা আবকাৰী অভিযানত ৫৭০চুলাই পাছ নষ্ট কৰে
চৰাইদেউ জিলা আবকাৰী বিভাগে সোণাৰি খনা বাগিছা, খনা নেপালী বস্তি, মোহন গাওঁ,ৰঙাপথাৰ আদি অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই চুলাই মদৰ লগত ব্যৱহৃত পাছ ৫৭০ লিটাৰ নষ্ট কৰে আৰু বিক্ৰী বাবে ৰখা চুলাই মদ ৩০ লিটাৰ আৰু চুলাই মদ প্ৰস্তুত কৰা ব্যক্তি সকলৰ বিৰুদ্ধে ৫ টাকৈ গোচৰ ৰুজো কৰে আবকাৰী বিভাগে ৷