সোণাৰি: মথুৰাপুৰত গছ তলত হুঁচৰিৰ আখৰাত ব্যস্ত মথুৰাপুৰ কোঁৱৰ গাওঁৰ সমন্বয় চেমননীয়া হুঁচৰি দল।
চৰাইদেউ জিলাৰ মথুৰাপুৰ কোঁৱৰ গাওঁৰ হুঁচৰি দলো সাজু হৈছে ৰঙালী বিহুলৈ। কৰিছে হুঁচৰিৰ আখৰা। গছ তলত হুঁচৰিৰ আখৰা কৰি সাজু হৈছে হেঁপাহৰ বহাগ বিহুক আদৰিবলৈ। পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী বিহু। অসমীয়াৰ হিয়াৰ স্পন্দন বহাগ বিহুটিক আদৰিবলৈ সাজু হৈছে অসমীয়া জাতি। ইয়াৰ সমান্তৰাল ভাৱে হুঁচৰি দলো সাজু হৈছে ৰঙালী বিহুলৈ। কৰিছে হুঁচৰিৰ আখৰা। গছৰ তলত হুঁচৰিৰ আখৰা কৰি সাজু হৈছে হেঁপাহৰ বহাগ বিহুৰ বাবে।