ওদালগুৰি: খৈৰাবাৰিত নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম কাজ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰীয়ে
জিলা খনৰ খৈৰাবাৰিত কিছুদিন আগতে এটি মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হয়। অঞ্চলটোৰ খেলুৱৈ সকলৰ সুবিধাৰ্থে ষ্টেডিয়ামটোৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত আৰম্ভ হয়। সেয়ে আজি হথাতে উক্ত স্থানত উপস্থিত হৈ নিৰ্মীয়মান ষ্টেডিয়ামৰ কাম কাজ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ললে ইএম লৌমশ্ৰাউ দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে দলীয় কৰ্মকৰ্তা আৰু বিভাগীয় কৰ্তৃপক্ষ সকল উপস্থিত থাকে।