সাপেখাতী: বৰহাট ৰেল ষ্টেচনত এজন বিজয়ী উশ্বু প্ৰতিযোগীক আদৰণি,অংশগ্ৰহণ কৰে ৰাজ্যিক উশ্বু বিচাৰক তৰুণ গগৈ
বুধবাৰে সন্ধিয়া ৫-৩০বজাত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত উশ্বু প্ৰতিযোগিতাত জয়ীহৈ ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতালৈ নিৰ্বাচিত হোৱা প্ৰিয়াংশু সোণোৱালক ৰাজ্যিক উশ্বু বিচাৰক তৰুণ গগৈ প্ৰমুখ্যে বৰহাটৰ স্থানীয় ৰাইজে আদৰণি জনায়।উল্লেখ্য যে যোৱা ৪ফেব্ৰুৱাৰীত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত চাব জুনিয়ৰ ল'ৰা ২৪কেজি ওজনত অংশগ্ৰহণ কৰি বৰহাটলৈ গৌৰৱ কঢ়িয়াই অনাত বৰহাটৰ ক্ৰীড়া প্ৰেমীয়ে ৰেলৰ পৰা নামি অহাৰ লগে লগে একোখনকৈ ফুলাম গামোচা, অভিনন্দন জনায়।