ভূৰাগাঁও: সোমবাৰে মৌলবি, আলিম, ওলোমা সকলে জৰিবৰত চলালে নগাঁও লোকসভাৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ ।
সোমবাৰে আবেলি চাৰি বজাত জৰিবৰত এখন নিৰ্বাচনী সভাৰ জৰিয়তে মৌলবি, আলিম, ওলোমা সকলে চলাই বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ। উল্লেখ্য যে ৰবিবাৰে বালিপাৰাত হোৱা এখন বিজেপিৰ নিৰ্বাচনী সভাত বহু সংখ্যক মৌলবি, আলিম, ওলোমাই বিজেপিত যোগদান কৰিছিল। আৰু আজি সেই সকল মৌলবি, আলিম, ওলোমাই জৰিবৰত নগাঁও লোকসভাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ চলাই। মৌলবি সকলে নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে বিজেপি চৰকাৰৰ দিনত তেওঁলোকে বহু সুবিধা লাভ কৰিছে।