সাপেখাতী: বৰহাটত এটা নাহৰফুটুকী বাঘক মানুহে হত্যা কৰি দাঁত,নেজ কাটি লৈ য়ায়,অঞ্চলটোত প্ৰতিক্ৰিয়া
বৰহাট আঞ্চলিক বন কাৰ্যালয় অন্তৰ্গত বৰহাট চাহ বাগিচাত এটা নাহৰফুটুকী বাঘক আজি দেওবাৰে ২-৩০বজাত হত্যা কৰি একাংশ দুষ্টলোকে বাঘটোৰ ডিঙি, দাঁত,নখ,নেজ কাটি লৈ যোৱা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত এটা নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাবে গৰু,ছাগলী খাই সন্ত্ৰাস সৃষ্টি কৰি থকাৰ সময়তে আজি একাংশ লোকে বাঘটো হত্যা কৰে।