সাপেখাতী: বৰহাটত বৰহাট মহাবিদ্যালয় বিলুপ্তিকৰণৰ সন্দৰ্ভত ৰাজহুৱা সভা সম্পন্ন
বৰহাটত বৰহাট মহাবিদ্যালয়ৰ সভাকক্ষত মহাবিদ্যালয় বিলুপ্তিকৰণৰ সন্দৰ্ভত আজি শুক্ৰবাৰে ১ বজাত বৰহাটৰ জাতি জনগোষ্ঠী, দল,সংগঠন,জেষ্ঠ নাগৰিক ,সাংবাদিকৰ উপস্থিতিত বৰহাট প্ৰেছ ক্লাৱৰ উপদেষ্টা কৃষ্ণ বৰুৱাৰ পৌৰোহিত্বত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আধাৰলৈ নিম্নসংখ্যক ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ গইনা লৈ ৭০ খন মহাবিদ্যালয়ৰ এক তালিকা একত্রীকৰণ বা ক্লাষ্টাৰ কৰা সন্দৰ্ভত সংবাদপত্রত তালিকা প্রকাশ হোৱাৰ পাছত আজি বৰহাট মহাবিদ্যালত সভা অনুষ্ঠিত হয়।