সাপেখাতী: দিল্লীঘাটত শতাধিক বৰ্ষত ভৰি দিয়া দিল্লীঘাট শিৱ মন্দিৰত মহাশিৱৰাত্ৰী পালন,অগণন ভক্তৰ সমাবেশ
ঐতিহাসিক লাহদৈগড় কাষত দিল্লী সংৰক্ষিত বনাঞ্চল তথা দিচাং নদীৰ কাষৰ নৈসৰ্গিক পৰিবেশে ভৰপুৰ দিল্লীঘাটৰ শিৱ মন্দিৰত আজি শুক্ৰবাৰে এক বজাত আৰাধ্য দেৱতা শিৱ বাবা আশীষ বিচাৰি ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে । সকলোৱে মহাদেৱ শিৱ বাবাৰ ওচৰত আশিষ বিচাৰি পুৱাই মন্দিৰ ভক্ত সকল ভিৰ হোৱা পৰিলক্ষিত হৈছে। ।মন্দিৰৰ সমীপৰ ঐতিহাসিক লাহদৈগড়, দলঙৰ ওপৰত ব্যৱসায়ী সকলে ৰাইজৰ সুবিধাৰ্থে শাৰী শাৰীকৈ দোকান বজাৰ খোলা পৰিলক্ষিত হৈছে।