সাপেখাতী: সাপেখাতীত এছুৰ উদ্যোগত গুৰুত্বপূৰ্ণ সভাত এছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰবীন টুডু
এছু'ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সাপেখাতীত বাহা সন্মিলনৰ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা বৃস্পতিবাৰে ৩-৩০বজাত অনুষ্ঠিত হয়।সভাত চাওঁতাল জনগোষ্ঠীৰ ভাষা,সাহিত্য চৰ্চা প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে সাপেখাতীত অনুষ্ঠিত হ'ব লগা বাহা সন্মিলন সুন্দৰ ৰূপত অনুষ্ঠিত কৰা সন্দৰ্ভত আলোচনা কৰা হয়।সভাত চাওঁতাল মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম,এছু, কেন্দ্ৰীয় সমিতিৰ মুখ্য সম্পাদক প্ৰবীন টুডু,প্ৰমুখ্যে কেইবাজনো মাঝি বাবাই অংশগ্ৰহণ কৰে।