ভকতচাপৰি অলিমুৰ সংযোগী ব্ৰহ্মপুত্ৰৰ সুঁতিত টুলুঙা নাৱেৰে যাতায়ত ৰাইজৰ । স্কুলীয়া ছাত্ৰ-ছাত্ৰী দৈনিক পাৰা পাৰ হব লাগে টুলুঙা নাৱেৰে। চাপৰি অঞ্চলৰ ১৬ খনকৈ গাৱঁৰ বৰ্তমান যাতায়তৰ একমাত্ৰ সুবিধা হৈছে এখন টুলুঙা নাও।নাৱেৰে দৈনিক পাৰা হব লাগে ভকত চাপৰি গাৱঁৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী। ভকত চাপৰিলৈ অহা যোৱা কৰা এখন কাঠৰ দলং আছিল যদিও যোৱাবাৰ বানে দলং খন উটুৱাই নিয়াৰ ফলত এখন টুলুঙা নাৱেই ব্ৰহ্মপুত্ৰৰ এটা সুতি পাৰা পাৰ হোৱা যাত্ৰী সকলৰ একমাত্ৰ সাৰঠি হৈ পৰিছে।