ভূৰাগাঁৱত সমনীয়াৰ সৈতে খেলিবলৈ গৈ সন্ধানহীন হৈছিল আছাদ মুদেনি আৰু ছাৰজিনাৰ বেগমৰ ৭ বছৰীয়া সন্তান।আবেলি খেলিবলৈ ওলাই যোৱা শিশুটি সন্ধ্যালৈ ওভতি নহাত পৰিয়ালৰ লোকে বিছাৰি চলাথ কৰে। পিছত নিশা ৮.৩০ বজাত শিশুটিৰ মৃতদেহ পানীত উপঙি থকা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ঘৰৰ ওচৰৰ এটি পুখুৰীত। ঘটনাস্থলীত ভূৰাগাঁও আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।