সোণাৰিৰ বেঙেনাবাৰীত সোঁৱৰণী ফুটবল প্ৰতিযোগিতা
সোণাৰিৰ বেঙেনাবাৰীত আৰম্ভ হৈছে প্ৰয়াত হেমকান্ত বসুমতাৰী আৰু সুদক্ষ ফুটবলাৰ ভদ্ৰ কান্ত বসুমতাৰী সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। চৰাইদেউ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখনত এইবাৰ মুঠ আঠটা দলে অংশগ্ৰহণ কৰিছে।
চৰাইদেউ মহকুমা গঠনত আগভাগ লোৱা প্ৰয়াত হেমকান্ত বসুমতাৰী আৰু ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ভদ্ৰ কান্ত বসুমতাৰীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাক কেন্দ্ৰ কৰি বেঙেনাবাৰী অঞ্চলত ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে।
Assam, India | Sep 22, 2026