মাহমৰা: মৰাণহাটত কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত জনপ্ৰিয় কণ্ঠশিল্পী ধিৰাজ কাশ্যপসহ বহুলোকৰ বিজেপি দলত যোগদান
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত জ্যোতিপুৰত অৱস্থিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহ কাৰ্যালয়ত আজি জনপ্ৰিয় কণ্ঠশিল্পী ধিৰাজ কাশ্যপৰ লগতে বহুসংখ্যক সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ কেবিনেট মন্ত্ৰী যোগেন মহনে সকলোকে দললৈ উষ্ম আদৰণি জনায় ৷ এই সময়চোৱাত মন্ত্ৰীগৰাকীৰ সৈতে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱা আৰু মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক দিগন্ক আৰন্ধৰা উপস্থিত থাকে ৷