বকো: বকোৰ তাৰাবাৰী পৰিদৰ্শন জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ,ভূমি বিবাদৰ সমস্যা সমাধানৰ উদ্দেশ্যে ক্ষেত্ৰ পৰিদৰ্শন জিলা আয়ুক্তৰ
Boko, Kamrup | Aug 11, 2025 অসম মেঘালয় সীমান্তৱৰ্তী বকোৰ তাৰাবাৰীত সোমবাৰে উপস্থিত হয় কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ। নাম তাৰাবাৰী আৰু আপাৰ তাৰাবাৰী সীমান্ত অঞ্চল পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। দুয়োটা অঞ্চল অসমৰ ভৌগোলিক এলেকাত সন্নিৱিষ্ট যদিও মেঘালয়ৰ একাংশই চল চাতুৰিৰে মেঘালয়ৰ ভূমি বুলি দাবী কৰি আহিছে উল্লেখিত অঞ্চল। দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ দিশ উন্নত কৰাৰ মানসেৰে জিলা প্ৰশাসন উপস্থিত হয় অঞ্চলটোত।