সাপেখাতী: ভিন্ন দাবীৰে সাপেখাতীত পঞ্চম দিনাও অব্যাহত আছে অংগণৱাড়ী কৰ্মী-সহায়িকাৰ অহযোগ আন্দোলন
মঙলবাৰে পুৱা ১০ বজাত সাপেখাতী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মূখত অংগণৱাড়ী কৰ্মী-সহায়িকাৰ অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ণ। উল্লেখ্য যে অংগণৱাড়ী কর্মী-সহায়িকাক নিয়মীয়া কর্মচাৰী হিচাপে স্বীকৃতি দিয়া, মাননীৰ সলনি মজুৰি দিব নোৱাৰালৈকে ১২ হাজাৰ টকাৰ মাননী আদায় দিয়া, গ্রেছুয়েটি আদায় দিয়া, অৱসৰপ্ৰাপ্ত কর্মী-সহায়িকাক এককালীন সাহায্যৰ ধন ২০ অক্টোবৰৰ ভিতৰত আদায় দিয়াৰ দাবীত আজি পঞ্চম দিনাও অব্যাহত আছে আন্দোলন। সাপেখাতী প্রকল্প চৰাইদেউ অসম ৰাজ্যিক অংগণৱাড়ী কর্মী-সহায়িকা সন্থাৰ উদ্যোগত এই অসহযোগ আন্দোলন কাৰ্যসূূচী ৰূপায়ণ।