সাপেখাতী: বৰহাটতৱাৰ্ডসদস্য,প্ৰৱীণ বিজেপিকৰ্মী পঙ্কজ চক্ৰৱৰ্তী শ্ৰদ্ধাঞ্জলি,চাহজনগোষ্ঠী মৰ্চাচৰাইদেউ জিলাসমিতি সম্পাদক কাৰ্তিক উৰাং
সোমবাৰে সন্ধিয়া ৬ বজাত বৰহাটত অসম গণ পৰিষদৰ কাৰ্যালয়ৰ সন্মুখত ৱাৰ্ড সদস্য, বিজেপি প্ৰৱীণ কৰ্মী প্ৰয়াত পঙ্কজ চক্ৰৱৰ্তী শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে লোহলীয়া গাঁৱৰ ৱাৰ্ড সদস্য পঙ্কজ চক্ৰৱৰ্তী আকস্মিক মৃত্যু হয়।শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিজেপি যুৱ মৰ্চাৰ বৰহাট মণ্ডলৰ সভাপতি ভাস্কৰ গগৈ,বিজেপি বৰহাট মণ্ডৰ সভানেত্ৰী পূৰবী দুৱৰা গগৈ,চাহ জনগোষ্ঠী মৰ্চাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক কাৰ্তিক উৰাং,বিজেপি নেতা কমল কুৰ্মী প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে।